টাটা গ্ৰুপৰ অধীনলৈ আহিল এয়াৰ ইণ্ডিয়া!

Air India

আজিৰে পৰা টাটা গ্ৰুপৰ অধীনলৈ আহিব এয়াৰ ইণ্ডিয়া।

টাটা গ্ৰুপলৈ এয়াৰ ইণ্ডিয়াক হস্তান্তৰৰ কাম সমাপন কৰিবলৈ সাজু হৈছে দুই পক্ষ। নৰেন্দ্ৰ মোডী চৰকাৰৰ ব্যক্তিগতকৰণ কাৰ্যসূচীৰ সফল ৰূপায়ণ হ'ব আজি।

যোৱা বছৰ অক্টোবৰত টাটা গ্ৰুপৰ হোল্ডিং কোম্পানীৰ সহায়ক কোম্পানী টেলেচ প্ৰাইভেট লিমিটেডে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১৮,০০০ কোটি টকাত মহাৰাজা অধিগ্ৰহণ কৰাৰ নিবিদা লাভ কৰিছিল। ইয়াৰ ভিতৰত ১৫ শতাংশ চৰকাৰৰ হাতলৈ যাব আৰু বাকীখিনি ধনেৰে ঋণ পৰিশোধ কৰা হ'ব।

অৱশ্যে টাটা গ্ৰুপৰ বেনাৰত নচলে এয়াৰ ইণ্ডিয়াৰ বিমানসমূহ। জানিব পৰা মতে নামৰ কোনো সালসলনি কৰা নহয়।

উল্লেখ্য় যে, এয়াৰ ইণ্ডিয়াই পদত্যাগ কৰাৰ পিছত বৃহস্পতিবাৰে এখন নতুন বোৰ্ড গঠন কৰা হ'ব। 

Category