নিজ সন্তানক লৈ বৰাক নৈত জাপ দিয়া মহিলাৰ মৃতদেহ উদ্ধাৰ

Deadbody Found

কাছাৰৰ বৰখলা বদপুৰ-মাছিমপুৰ এলেকাৰ বৰাক নৈৰ পৰা উদ্ধাৰ কৰা হয় সুমাৰাণী নমশুদ্ৰৰ মৃতদেহ৷ নৈৰ পৰা মাতৃ সুমাৰাণীৰ মৃতদেহ উদ্ধাৰ হয় যদিও এতিয়াও সন্ধানহীন দুবছৰীয়া সন্তান গৰাকী৷

জানিব পৰা মতে, যোৱা কালি আবেলি স্থানীয় লোক সকলে বৰাক নৈত এক মহিলাৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক৷ আৰক্ষী উপস্থিত হৈ মৃতদেহটো সুমাৰাণী নমশুদ্ৰৰ বুলি চিনাক্ত কৰে৷ আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে৷

উল্লেখ্য যে, যোৱা ১৯ তাৰিখৰ সন্ধিয়া শিলচৰ ইটখলাৰ চোমাৰাণী নমশুদ্ৰ নামৰ এগৰাকী মহিলাই নিজৰ দুবছৰীয়া এক কন্যা সন্তানক লগত লৈ শিলচৰ অন্নপূৰ্ণাঘাটৰ পৰা বৰাক নৈত জাপ দিছিল৷

Category
Profile picture for user UB Photos