দিন দুপৰতে অপহৰণ দৰং মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী!

Darrang College Student Kidnapped

দৰং মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী নিখোজ ৷ দুদিন ধৰি সন্ধান পোৱা নাই ছাত্ৰীগৰাকীৰ।

সন্ধানহীন হোৱা ছাত্ৰীগৰাকী দৰং মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ ছাত্ৰী পৰীস্মিতা দেৱী ৷ পৰিয়ালে দাবী কৰিছে ছাত্ৰীগৰাকীক কোনোবাই অপহৰণ কৰিছে। সন্ধানহীন ছাত্ৰীগৰাকীৰ ঘৰ তেজপুৰৰ হজৰাপাৰ শংকৰ নগৰত ৷

উল্লেখ্য় যে, বৃহস্পতিবাৰে দিনৰ ১বজাত মাতৃ মৃদুলা দেৱীৰ লগত শেষবাৰৰ বাবে কথা হৈছিল পৰীস্মিতাৰ ৷ ক্লাছ শেষ কৰি ঘৰলৈ যোৱাৰ কথা উল্লেখ কৰিছিল ফোনত ৷ কিন্তু ১:৩০ বজাত এজন যুৱকে অপহৰণ কৰাৰ কথা উল্লেখ কৰি ফোনযোগে মুক্তিপণৰ দাবী কৰে পাঁচ লাখ টকা ৷

আনহাতে, ঘটনা সন্দৰ্ভত মাতৃ মৃদুলা দেৱীয়ে তেজপুৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

Category
Profile picture for user UB Photos