পাকিস্তানৰ লাহোৰৰ অনাৰকলি বজাৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ৩ জন, আহত ২০ জন

Lahore Blast

পাকিস্তানৰ লাহোৰৰ আনাৰকলি বজাৰত হোৱা ভয়ংকৰ বিস্ফোৰণত ৩ জন লোক নিহত আৰু কমেও ২০ জন আহত হোৱাৰ খবৰ পোৱা গৈছে।

জানিব পৰা মতে, বিস্ফোৰণটোত এটা সময় সঁজুলি ব্যৱহাৰ কৰা হৈছিল। বিস্ফোৰণটো সংঘটিত হোৱা ঠাইখন ভাৰতীয় সামগ্ৰী বিক্ৰীৰ বাবে জনাজাত।

blast

বাতৰি অনুসৰি লাহোৰ আৰক্ষীৰ মুখপাত্ৰ ৰাণা আৰিফে বিস্ফোৰণটোত ৩ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, বিস্ফোৰণটো পান মাণ্ডিৰ ওচৰত সংঘটিত হৈছিল, য'ত ভাৰতীয় সামগ্ৰী বিক্ৰী কৰা হয়।

এতিয়ালৈকে কোনো সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

fire

"আমি বিস্ফোৰণৰ প্ৰকৃতি নিশ্চিত কৰি আছো। বিস্ফোৰণত ২০ জনৰো অধিক লোক আহত হৈছে আৰু চিকিৎসালয়লৈ স্থানান্তৰিত হৈছে," লাহোৰৰ ঐতিহাসিক ৱালড চহৰৰ ওচৰত হোৱা বিস্ফোৰণস্থলীত উপ-মহাপৰিদৰ্শক আৰক্ষী অভিযান ডাঃ মহম্মদ আবিদে সাংবাদিকক কয়।

"বিস্ফোৰণস্থলীৰ ক্ৰেটাৰে এটা টাইম ডিভাইচৰ সম্ভাৱনা সূচাইছে। অৱশ্যে, এই পৰ্যায়ত আমি এইটো নিশ্চিত কৰিব নোৱাৰো," তেওঁ কয়।

Category
Profile picture for user UB Photos