BREAKING NEWS: ক'ভিডত আক্ৰান্ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Rajnath Singh

কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰযোগে নিশ্চিত কৰে যে তেওঁ কোভিড-১৯ত আক্ৰান্ত হৈছে। লগতে এইটোও কয় যে তেওঁৰ মৃদু লক্ষণ আছে আৰু বৰ্তমান তেওঁ হোম কোৱাৰেন্টিনৰ অধীনত আছে।

তেওঁ টুইটটোত কয়, "মই আজি মৃদু লক্ষণৰ সৈতে কোভিড-১৯ পজিটিভ হৈছো। মই হোম কোৱাৰেন্টিনৰ অধীনত আছো। অলপতে মোৰ সম্পৰ্কত অহা সকলোকে নিজকে পৃথক কৰিবলৈ আৰু পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছো।"

 

উল্লেখ্য় যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি কেইবাজনো মন্ত্ৰীয়ে ভাইৰাছত আক্ৰান্ত হৈছে। 

আনহাতে, ভাৰতত দ্ৰুত গতিত বিয়পি পৰিছে কোভিডৰ অমিক্ৰন ভেৰিয়ান্টৰ।

Category