প্ৰকাশ পালে ক’ভিডৰ নতুন SOP, কি আছে SOPত?

Himanta Biswa sarma SOP

জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল।ৰাজ্যত হ’বলগীয়া নতুন ক’ভিড SOPৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ক’ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। কি আছে নতুন SOPত?

নিশা ১০ বজালৈকে আগুৱালে সান্ধ্য আইনৰ সময়

নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে থাকিব সান্ধ্য আইন

৯ বজালৈকে খোলা থাকিব শ্ব’ৰূম, ৱেৰ হাউছ, ব্যৱসায়িক প্ৰতিষ্ঠান

চৰকাৰী-বেচৰকাৰী কাৰ্যালয় খোলা থাকিব কেৱল ৯ বজালৈ

সকলোকে ভেকচিন লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

দুপালি লোৱা লোকৰ বিমানবন্দৰ TESTING বাধ্যতামূলক নহয়

শিশুকসকলকো এইবাৰ ক’ভিড টেষ্ট কৰাব লাগিব

হোম আইছ’লেচনত থকাসকলক মেডিচিন কীট প্ৰদান কৰা হ’ব

এইবাৰ ক’ভিডৰ চিকিৎসা বিনামূলীয়া নহ’ব

ক’ভিড চেণ্টাৰত কেণ্টিনৰ পৰা ক্ৰয় কৰি গ্ৰহণ কৰিব লাগিব খাদ্য

হাস্পতালৰ ICU, বিছনা কেৱল গুৰুতৰ ৰোগীৰ বাবেহে

বিয়া, সভাত উপস্থিত থাকিব পাৰিব ৫০ শতাংশ লোক

আন্তঃজিলা যাতায়াতত নাই কোনো বাধা

১৫ জানুৱাৰীৰ পৰা এই নীতি প্রযোজ্য হ’ব

গুৱাহাটীত অষ্টম শ্রেণীলৈকে বন্ধ থাকিব পাঠদান

আন জিলাত পঞ্চম শ্রেণীলৈকে বন্ধ থাকিব শ্রেণীকোঠা

সলনা সলনিকৈ হ’ব নৱম, দশম শ্ৰেণীৰ পাঠদান

ৰাজহুৱা স্থানত ২০০তকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব

সান্ধ্য আইনৰ সময়ত চলাচল কৰিব পাৰিব নৈশ বাছ

নিশা ১০ বজালৈ হ’ব খাদ্য সামগ্ৰীৰ অনলাইন ডেলিভাৰী

Category
Profile picture for user UB Photos