উত্তৰ-পূৱত বাঢ়িব শীতৰ প্ৰকোপ, পূৰ্ণ সম্ভাৱনা আছে শিলাবৃষ্টিৰ!

Winter

অসমৰ লগতে উত্তৰপূৱৰ বিভিন্ন অঞ্চলক শীত প্ৰবাহে কোবাই যোৱাৰ লগতে বৰষুণ আৰু শিলাবৃষ্টিৰ সম্ভাৱনা আছে বুলি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ব্যক্ত কৰিছে।

অসমৰ লগতে অৰুণাচলপ্ৰদেশ, নাগালেণ্ড, মেঘালয়, ছিকিম আৰু দেশৰ অন্যান্য প্ৰান্ত মধ্যপ্ৰদেশ, পশ্চিমবংগ, ঝাৰখণ্ডত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ২৯ আৰু ৩০ ডিচেম্বৰত শিলাবৃষ্টি আৰু ঘন বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

আনহাতে, এই শিলাবৃষ্টি আৰু বৰষুণৰ ফলত ৰাজ্যকেইখনৰ পাৰাস্তম্ভও নিম্নগামী হ’ব।

বিগত কিছুদিনৰ পৰা অসমৰ পাৰাস্তম্ভ নিম্নগামী হৈছে। আজিও পুৱাৰে পৰা আকাশ ডাৱৰীয়া হৈ আছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে অসমৰ চুবুৰীয়া পাহাৰীয়া ৰাজ্য মেঘালয়ত শিলাবৃষ্টি হোৱাৰ লগতে অৰুণাচলপ্ৰদেশ আৰু ছিকিমক বৰফৰ শুকুলা আবৰণে আৱৰি ধৰিছে।

ইতিমধ্যে, উত্তৰ ভাৰতৰ বহুকেইখন ৰাজ্যত বৃষ্টিপাত আৰম্ভ হৈছে। কাশ্মীৰ, হিমাচলপ্ৰদেশৰ অধিকাংশ অঞ্চলত এতিয়া বৰফ পৰা দেখা গৈছে।

Category
Profile picture for user UB Photos