ভাল খবৰ, CDSCOয়ে অনুমোদন কৰিছে দুটাকৈ নতুন কোভিড ভেকছিন!

Covid Vaccine

কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই (চিডিএছচিঅ') মঙলবাৰে ভাৰতত জৰুৰীকালীন ব্যৱহাৰৰ বাবে আন দুটা কোভিড-১৯ ভেকছিন অনুমোদন জনাইছে।

চিডিএছচিঅ'য়ে জৰুৰী কালীন পৰিস্থিতিত সীমিত ব্যৱহাৰৰ বাবে এণ্টি-ভাইৰেল ভেকছিন মোলনুপিৰাভিৰকো অনুমোদন জনাইছে।

চিডিএছচিঅ'ৰ দ্বাৰা অনুমোদিত দুটা শেহতীয়া ভেকছিন হৈছে কৰ্বেভাক্স আৰু কোভাভেক্স।

হায়দৰাবাদস্থিত প্ৰতিষ্ঠান বায়োলজিকেল-ই-ৰ দ্বাৰা নিৰ্মিত কৰ্বেভেক্স হৈছে প্ৰথম স্বদেশীভাৱে বিকশিত আৰবিডি প্ৰ'টিন উপ-একক ভেকছিন। আনহাতে, কোভাভেক্স নামৰ এক নেনোপার্টিকেল ভেকছিন পুনে স্থিত প্ৰতিষ্ঠান চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ দ্বাৰা নিৰ্মাণ কৰা হয়।

আনহাতে, এণ্টি-ভাইৰেল ভেকছিন , মোলনুপিৰাভিৰ দেশৰ ১৩টা কোম্পানীয়ে জৰুৰীকালীন ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰিব যাতে ৰোগটো আগবঢ়োৱাৰ উচ্চ সম্ভাৱনা থকা প্ৰাপ্তবয়স্ক ৰোগীসকলৰ চিকিৎসা কৰা হয়।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই টুইট কৰি কয়, "চিডিএছচিঅ'ৰ বিৰুদ্ধে যুঁজ অধিক শক্তিশালী কৰি তুলিছে, @MoHFW_INDIAhas এটা দিনতে ৩ টা অনুমোদন প্ৰদান কৰিছে: – কৰ্বেভাক্স ভেকছিন- কোভোভাক্স ভেকছিন – জৰুৰী কালীন পৰিস্থিতিত সীমিত ব্যৱহাৰৰ বাবে এণ্টি-ভাইৰেল ঔষধ মোলনুপিৰাভিৰ।"

"কৰ্বেভাক্স ভেকছিন হৈছে হায়দৰাবাদস্থিত প্ৰতিষ্ঠান বায়োলজিকেল-ই-ৰ দ্বাৰা প্ৰস্তুত #COVID19 বিৰুদ্ধে ভাৰতৰ প্ৰথম স্বদেশীভাৱে বিকশিত আৰবিডি প্ৰ'টিন উপ-একক ভেকছিন। নেনোপার্টিকেল ভেকছিন, CORBEVAX পুনেস্থিত প্ৰতিষ্ঠান চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ দ্বাৰা নিৰ্মাণ কৰা হ'ব।" তেওঁ টুইট কৰে।

"প্ৰধানমন্ত্ৰী @NarendraModi জীয়ে সন্মুখৰ পৰা #COVID19 বিৰুদ্ধে যুঁজত নেতৃত্ব দিছে। এই সকলো বোৰ অনুমোদনে মহামাৰীৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজক অধিক শক্তিশালী কৰিব। আমাৰ ফাৰ্মা ইণ্ডাষ্ট্ৰিজ সমগ্ৰ বিশ্বৰ বাবে সম্পদ।" তেওঁ টুইট কৰে।

ই ভাৰতত জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদিত ভেকছিনৰ মুঠ সংখ্যা আঠলৈ লৈ আহে।

ভাৰতীয় চিৰাম ইনষ্টিটিউটৰ পৰা কভিশ্বিল্ড, ভাৰত বায়োটেকৰ পৰা কভাক্সিন, জাইডাছ কেডিলাৰ পৰা জাইকোভি-ডি, ৰাছিয়াৰ স্পুটনিক পঞ্চম, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মডাৰ্ণা আৰু জনছন এণ্ড জনছন সকলোৱে এতিয়ালৈকে জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে।

Category
Profile picture for user UB Photos