২০২২ত দেশৰ ১৩খন চহৰত উপলব্ধ হ’ব 5G ইণ্টাৰনেট সেৱা! ক’ত ক’ত ?

5G

২০২২ চনত ভাৰতত 5G ইণ্টাৰনেট সেৱা আৰম্ভ কৰা হ’ব। এক প্ৰেছ বিবৃতিযোগে এই কথা জনাইছে দূৰসংযোগ বিভাগে। আৰম্ভণিতে দেশৰ ১৩খন চহৰতহে উপলব্ধ হ’ব 5G সেৱা। চহৰকেইখন ক্ৰমে আহমেদাবাদ, বেংগালুৰু, চণ্ডিগড়, চেন্নাই, দিল্লী, গান্ধীনগৰ।

২০১৮ চনৰে পৰা দেশৰ ৮টা প্ৰতিষ্ঠানৰ সৈতে 5G সেৱাৰ পৰীক্ষা আৰম্ভ কৰা হৈছিল। এই পৰীক্ষা ৩১ ডিচেম্বৰত শেষ হ’ব।

উল্লেখ্য যে, ভাৰতীয় বজাৰত ইতিমধ্যে সকলো আগশাৰীৰ মোবাইল কোম্পানীৰ 5G ফোন উপলব্ধ হৈছে।

Category
Profile picture for user UB Photos