গুৱাহাটী মহানগৰীক কৃত্ৰিম বানমুক্ত কৰাৰ লক্ষ্য পৌৰ নিগমৰ; ছুপাৰ ছাকাৰ মেচিনেৰে চাফা কৰিছে নলা

Super Sucker Machine

এজাক বৰষুণতে ৰাস্তা-ঘাট ডুব যোৱা মহানগৰবাসীয়ে এতিয়াৰে পৰা লাভ কৰিব কিছু সকাহ ৷

দীৰ্ঘদিন ধৰি কৃত্ৰিম বানৰ কৱলত গুৱাহাটীবাসীয়ে ভুগি আহিছিল ৷ ৰাজ্য চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমে আৱৰ্জনাৰে ভৰি পৰা গুৱাহাটীৰ নলা-নদৰ্মাৰ পৰিষ্কাৰ কৰাৰ চেষ্টা হাতত লোৱাৰ পাছৰে পৰা এই সমস্যাৰ পৰা কিছু সকাহ লাভ কৰাৰ আশা কৰিছে মহানগৰবাসীয়ে ৷

গুৱাহাটী পৌৰ নিগমে দুটা ছুপাৰ ছাকাৰ মেচিনৰ সহায়ত কৃত্ৰিম বানমুক্ত কৰাৰ লক্ষ্য লৈছে পৌৰ নিগমে। 'ছুপাৰ ছাকাৰ' হৈছে অত্যাধুনিক যন্ত্ৰ, এখন বৃহৎ ট্ৰাক যাৰ জৰিয়তে ২০ মিনিটৰ ভিতৰতে নলাসমূহ চাফা কৰিব পৰা যায়।

অৱৰুদ্ধ নলাবোৰ পৰিষ্কাৰ কৰিবলৈ আজি খ্ৰীষ্টান বস্তি অঞ্চলত কাম আৰম্ভ কৰে। এই সমগ্ৰ ক্ৰীয়াটো গৃহ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন মন্ত্ৰী অশোক সিংঘলৰ তত্বাৱধানত পৰিচালনা কৰা হৈছে।

প্ৰতি বছৰে, গুৱাহাটীৰ বেছিভাগ অংশই বৰষুণৰ বতৰত অত্যাধিক বান পৰিস্থিতিৰ সন্মুখীন হয়। ছুপাৰ ছাকাৰ ব্যৱহাৰৰ সৈতে, গুৱাহাটীবাসীসকলক অৱৰুদ্ধ নলাৰ পৰা অব্যাহতি দিয়া হ'ব।

Category
Profile picture for user UB Photos