পিছুৱাই দিয়া হ’ল নৰ্থ-ইষ্ট ফেষ্টিভেল

North east festival

১ ডিচেম্বৰত দিল্লী চৰকাৰে অমিক্ৰণ ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰকাশ কৰা SOP অনুসৰি ১৫ দিনৰ বাবে দিল্লীত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, ৰাজনৈতিক ৰেলী বা এনে ধৰণৰ অনুষ্ঠান হ’ব নোৱাৰিব। সেই বাবে ডিচেম্বৰত ১০, ১১, ১২ এই তিনিদিনত দিল্লীত অনুষ্ঠিত হ’বলগীয়া নৰ্থ-ইষ্ট ফেষ্টিভেল পিছুৱাই দিয়া হৈছে।

নৰ্থ-ইষ্ট ফেষ্টিভেল এতিয়া ৭ জানুৱাৰীৰ পৰাহে আৰম্ভ হ’ব। ১০, ১১, ১২ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নৰ্থ-ইষ্ট ফেষ্টিভেল অনুষ্ঠিত হ’ব ৭, ৮ আৰু ৯ জানুৱাৰীত।

নৰ্থ-ইষ্ট ফেষ্টিভেলৰ নৱম সংস্কৰণ অনুষ্ঠিত হ’ব। এই ফেষ্টিভেলত উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য-সংস্কৃতি, হস্তশিল্প-ফেশ্বনৰ প্ৰদৰ্শনীৰ অনুষ্ঠিত হোৱাৰ লগতে চৰকাৰৰ শীৰ্ষ পৰ্যায়ত আলোচনাও হ’ব।

Category
Profile picture for user UB Photos