ভাল খবৰ! Netflix–এ হ্ৰাস কৰিলে সকলো প্লানৰ ছাবস্ক্ৰিপচন মূল্য, ৪৯৯ টকাৰ ষ্টেণ্ডাৰ্ড প্লেন এতিয়া ১৯৯টকাতে উপলদ্ধ

Netflix

যিটো সময়ত সকলো প্লেটফৰ্মে নিজৰ ছাবস্ক্ৰিপচন মূল্য় বৃদ্ধি কৰি আছে ঠিক সেইটো সময়তে নেটফ্লিক্স ইণ্ডিয়াই গ্ৰাহক সকলৰ মূখত বিৰিঙাইছে হাহিঁ।

নেটফ্লিক্স ইণ্ডিয়াই হ্ৰাস কৰিছে ছাবস্ক্ৰিপচন প্লানৰ মূল্য়। নেটফ্লিক্সয়ে এই পদক্ষেপ ভাৰতত থকা এমেজন প্ৰাইম আৰু ডিজনী+ hotstarক প্ৰত্যাহ্বান জনাবলৈ হাতত লৈছে বুলি ধাৰণা কৰিব পাৰি।

নেটফ্লিক্সয়ে সকলো প্লানৰ দাম হ্ৰাস কৰিছে য’ত 'Mobile Only Plan'ও অন্তৰ্ভুক্ত আছে। নেটফ্লিক্সৰ মোবাইল প্লান এতিয়া ১৪৯ টকাৰ পৰা আৰম্ভ হ’ব, পূৰ্বতে ইয়াৰ মূল্য় আছিল ১৯৯ টকা।

আহক চাওঁ নেটফ্লিক্সৰ Basic, Standard আৰু Premium প্লানৰ নতুন দাম


netflix plan
 

কিমান হৈছে সকলো প্লানৰ নতুন দাম

প্ৰথমে কওঁ মোবাইল প্লানৰ বিষয়ে যিটো এতিয়া ১৯৯ টকাৰ পৰা হ্ৰাস কৰি ১৪৯ টকা কৰা হৈছে, আনহাতে Basic প্লান ৪৯৯ টকাৰ সলনি ১৯৯ কৰা হৈছে। গ্ৰাহকৰ বাবে ষ্টেণ্ডাৰ্ড প্লান ৬৪৯ টকাৰ পৰা হ্ৰাস কৰি ৪৯৯ টকা কৰা হৈছে। আৰু ইয়াৰ প্ৰিমিয়াম প্লান ৭৯৯ টকাৰ সলনি ৬৪৯ টকা কৰা হৈছে।

আনহাতে, এমেজনৰ প্ৰাইমৰ প্লান ১২৯ টকা প্ৰতিমাহত আৰু প্ৰিমিয়াম ছাৰ্ভিচৰ বাবে ডিজনী প্লাছ হটষ্টাৰৰ বাৰ্ষিক প্লান ১৪৯৯ টকা।

ম’বাইলৰ বাবে ইয়াৰ প্লান ৪৯৯ টকা। নেটফ্লিক্সৰ নতুন প্লানৰ নাম ‘Happy New Prices’ দিয়া হৈছে। আৰু নতুন প্লান আজি অৰ্থাৎ ১৪ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব।


 

Category
Profile picture for user UB Photos