সুদীৰ্ঘ ২১ বছৰৰ পাছত ভাৰতৰ বাবে পুনৰ গৌৰৱৰ দিন..

Harnaaz Sandhu

সুদীৰ্ঘ ২১ বছৰৰ অন্তত পুনৰ  মিছ ইউনিভাৰ্ছৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ল ভাৰতে।
বিশ্বৰ ভিতৰত ভাৰতৰ সুন্দৰীয়ে লাভ কৰিলে মিছ ইউনিভাৰ্ছৰ খিতাপ।

অভিনেত্ৰী লাৰা দত্তই শেষবাৰৰ বাবে ২০০০ চনত খিতাপ জয় কৰিছিল।

ইজৰাইলত অনুষ্ঠিত হৈছিল ৭০ সংখ্যক  মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা। প্ৰতিযোগিতাত বিজয়ী হয় ভাৰতৰ ২১ বছৰীয়া সুন্দৰী হাৰনাজ সান্ধু ।

 

চণ্ডীগড়ৰৰ বাসিন্দা হাৰনাজ সান্ধুই ভাৰতৰ বাবে কঢ়িয়াই অনা এই সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ভাৰতৰ অনুৰাগীসকল।

ভাৰতৰ হাৰনাজ সান্ধুৱে চলিত বৰ্ষৰ  মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰাৰ বিপৰীতে পৰাগুৱেৰ নাদিয়া ফেৰেইৰাই প্ৰথম ৰাৰ্ণাৰ্ছ আপ আৰু চৌদি আৰৱৰ লালেলা চৱাউনে দ্বিতীয় ৰাৰ্ণাৰ্ছ আপ হিচাপে নিৰ্বাচিত হয়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বৰ্তমানৰ বলিউডৰ অভিনেত্ৰী লাৰা দত্তই অন্তিম বাৰৰ বাবে ভাৰতৰ পৰা লাভ কৰিছিল মিছ ইউনিভাৰ্ছৰ খিতাপ।

Category
Profile picture for user UB Photos