ONGCত অঘটনঃ থিতাতে নিহত হ’ল এজন..

ongc

শিৱসাগৰ ONGCত অঘটন। নাজিৰাৰ গেলেকীৰ কল-গাঁৱৰ ১৪০০-১৩ত এই অঘটন। দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হ’ল এজন লোক।

ONGCৰ অকমণ্যতাৰ বাবেই নাজিৰাৰ গেলেকী কলগাঁৱত অৱস্থিত এটা ONGCৰ প্ৰডাক্সন ৰীগত আজি সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা।

কেইবা ফুট উচ্চতাৰ ওখ এটা প্ৰডাক্সন ৰীগৰ ওপৰৰ পৰা পৰি এগৰাকী ONGC খননৰ মুখ্য অভিযন্ত্ৰাৰ থিতাতে নিহত হয়। নিহত ব্যক্তিজন শিমলুগুৰিৰ ৰামুগাঁৱৰ দীনেন কোঁৱৰ বুলি জানিব পৰা গৈছে। দীনেন কোঁৱৰ আছিল ONGC খননৰ মুখ্য অভিযন্ত্ৰা।

এই ঘটনাৰ ক্ষেত্ৰত ONGCয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়তহে হ’ব লক্ষণীয়।

Category
Profile picture for user UB Photos