
কমেডি-ড্ৰামা ছবি 'Axone'ত তেওঁৰ স্মৰণীয় চৰিত্ৰৰ বাবে জনাজাত জনপ্ৰিয় অভিনেতা লানুয়াকুম আওৰ দেওবাৰে বৃক্ক বিকল হোৱাৰ বাবে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩১ বছৰ।
আও ডিমাপুৰৰ খ্ৰীষ্টান ইনষ্টিটিউট অৱ হেল্থ চাইন্সেছ এণ্ড ৰিচাৰ্ছ (চিআইএইচএছআৰ)ত চিকিৎসাধীন হৈ আছিল, চিকিৎসাধীন অৱস্থাতেই তেওঁ শেষ নিঃশ্বাস ত্য়াগ কৰে।
নাগালেণ্ডৰ মকোকচুং জিলাৰ লঙ্গা গাঁৱৰ বাসিন্দা আওৱে এনএছআৰ: 'দ্য জেড' আৰু ৱেব চিৰিজ 'দ্য লাষ্ট আৱাৰ'ৰ দৰে চলচ্চিত্ৰতো অভিনয় কৰিছে।
আওত অন্তিমবাৰৰ বাবে আয়ুষ্মান খুৰানা অভিনীত আৰু অনুভব সিনহাৰ দ্বাৰা পৰিচালিত এখন আহিবলগীয়া ফিচাৰ চিনেমাত দেখিবলৈ পোৱা যাব।
- Log in to post comments