মনোমোহা নাগালেণ্ডত চলি আছে হৰ্ণবিল ফেষ্টিভেল; সমাহাৰ ঘটিছে ভিন্ন দেশী-বিদেশী পৰ্যটকৰ

Hornbill Festival

উৎসৱৰ ভূমি নাগালেণ্ড। উত্তৰ পূৰ্বাঞ্চলৰ মনোমোহা ৰাজ্য নাগালেণ্ডত সম্প্ৰতি চলি আছে আকৰ্ষণীয় হৰ্ণবিল ফেষ্টিভেল। হৰ্ণবিল ফেষ্টিভেলত সমাহাৰ ঘটিছে দেশী বিদেশী পৰ্য্যটকৰ।

Nagaland hornbill festival

নাগালেণ্ড বুলিলেই মনলৈ আহে আকৰ্ষনীয় হৰ্ণবিল ফেষ্টিভেল। সম্প্ৰতি নাগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাৰ নাতিদূৰৈৰ কিছামা ভিলেজত চলি আছে এই হৰ্ণবিল ফেষ্টিভেল। কোভিড পৰিস্থিতি কিছু পৰিমাণে সাম কটাত হৰ্ণবিলৰ আনন্দত জপিয়াই পৰিছে ভিন্ন পৰ্য্যটক সকল।

কিছামাৰ নাগা হেৰিটেজ ভিলেজত ভিৰ কৰিছে দেশী বিদেশী অগনন পৰ্য্যটকে। নাগালেণ্ডত আছে ষোল্লটা জনগোষ্ঠী। আও, আংগামী, ৰেংমা, জিলিয়াং, কুকি, কছাৰি, ছাখেছাং, পুচুৰি, চাং, কন্যাক, ফোম, কিমুংগান, য়ামচুংগাৰ, ছাংটাম, লোথা আৰু ছুমি। এই জনগোষ্ঠী সমুহে হৰ্ণবিল প্ৰকল্পৰ মুল গ্ৰাউন্ডত পৰিবেশন কৰে নিজ নিজ জনগোষ্ঠীয় নৃত্য গীত।

Hornbill

উল্লেখ্য় যে, এক ডিচেম্বৰত আৰম্ভ হোৱা এইবাৰৰ দাবিংশতিতম হৰ্ণবিল ফেষ্টিভেল ১০ ডিচেম্বৰত সামৰণি পৰিব।

Category
Profile picture for user UB Photos