অসম আৰক্ষীৰ সফলতা; নগাঁৱত জাল নোট সহ নকল সোণ জব্দ

Assam Police

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে নগাঁও জিলাৰ কচুয়াৰ পৰা জাল মুদ্ৰা সহ নকল সোণৰ লেনদেনকাৰী এজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে।

অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে নকল নোট জব্দ কৰাৰ সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোকজন নগাঁওৰ ৰমণী পথাৰ গাঁৱৰ বাসিন্দা ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰিছে।

আৰক্ষীয়ে জাল মুদ্ৰা নিৰ্মাণ যন্ত্ৰ, নকল মুদ্ৰিত মুদ্ৰা আৰু নকল সোণ জব্দ কৰে।

টুইটাৰত নগাঁও আৰক্ষীয়ে লিখিছে,  "Another Thug dealing in Fake Currency & Fake Gold Arrested. Saddam Hussain of Vill Ramani Pothar, Kachua, caught. Fake Currency making machine, Fake printed currency and Fake Gold seized. Ops led by Addl SP (HQ)."

 

Category
Profile picture for user UB Photos