আজি ঘোষণা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল; কোনে মাৰিব শেষ হাঁহি?

GU Election Results

আজি ঘোষণা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল।

জানিব পৰা মতে পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে সাধাৰণ নিৰ্বাচনৰ ভোটগণনা। উল্লেখ্য যে, মঙলবাৰে অনুষ্ঠিত হৈছিল বিশ্ববিদ্যালয়খনৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ।

GU Election voting

১৪টা পদৰ বাবে ৩৪ গৰাকী প্ৰাৰ্থীয়ে কৰিছে প্ৰতিদ্বন্দ্বিতা। ২৫৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভোটে আজি নিৰ্ধাৰণ কৰিব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত।

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ গুৰু ক্ৰীড়া বিভাগত বিনা প্ৰতিদ্বন্দ্বিতাৰে এগৰাকী প্ৰাৰ্থী জয়ী হয়। 

GU Election

মন কৰিবলগীয়া যে, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্তমানেও এক উদুলি-মুদুলি পৰিৱেশে বিৰাজমান কৰিছে বিশ্ববিদ্যালয়খনত।

Category
Profile picture for user UB Photos