26/11 Mumbai Terrorist Attack: সন্ত্ৰাসবাদী আক্ৰমণৰ ১৩ তম বাৰ্ষিকীত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Mumbai Attack

২০০৮ চনৰ ২৬ নৱেম্বৰত ১০টা লস্কৰ-ই-তৈবা (Lashkar-e-Taiba) সন্ত্ৰাসবাদীয়ে মুম্বাই কঁপাই তুলিছিল। আজমল কাচাব কে ধৰি সন্ত্ৰাসবাদীৰ দলটোৱে মুম্বাইৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানলক্ষ্য কৰি লৈছিল যাৰ ভিতৰত আছিল ছত্ৰপতি মহাৰাজ টাৰ্মিনাস (CSMT), তাজমহল পেলেচ হোটেল, হোটেল ট্ৰাইডেণ্ট, নৰিমন হাউচ, লিওপোল্ড কেফে, কামা চিকিৎসালয়।

২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত আক্ৰমণ কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ দিয়া শ্বহীদসকলক শুকুৰবাৰে পুষ্পাঞ্জলি জ্ঞাপন কৰা হয়।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰী, উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু ৰাজ্যৰ গৃহ মন্ত্ৰী দিলীপ ৱালছে পাটিলে দক্ষিণ মুম্বাইৰ আৰক্ষী মুখ্য কাৰ্যালয়ত থকা স্মাৰকটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এজন বিষয়াই কয় যে কোষ্টাল ৰোড প্ৰকল্পত চলি থকা কামৰ বাবে শ্বহীদসকলৰ স্মাৰকটো মেৰিন ড্ৰাইভৰ পুলিচ জিমখানাৰ মূল স্থানৰ পৰা ক্ৰফৰ্ড মাৰ্কেটৰ আৰক্ষী মুখ্য কাৰ্যালয়লৈ স্থানান্তৰিত কৰা হৈছে। মেৰুদণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত মুম্বাইৰ এখন চিকিৎসালয়ত আৰোগ্য হৈ থকা মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়েও ২৬/১১ৰ শ্বহীদসকলক স্মৰণ কৰে। 

Martyr

ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ১৩ তম বাৰ্ষিকীত কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সীমিত সংখ্যক লোকৰ দ্বাৰা অনুষ্ঠিত কৰা হয়। শ্বহীদ আৰক্ষীৰ পৰিয়ালৰ সদস্যসকলেও স্মাৰকটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ পৰা ১০ জন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী সাগৰীয় পথেৰে আহি গুলীচালনা কৰে, যাৰ ফলত মুম্বাইত ৬০ ঘণ্টা ধৰি চলা অৱৰোধৰ সময়ত ১৮ জন নিৰাপত্তাৰক্ষীসহ ১৬৬ জন লোক নিহত হয় আৰু কেইবাজনো লোক আহত হয়।

mumbai attack

 

পিছত দেশৰ অভিজাত কমাণ্ডো বাহিনী এনএছজিকে ধৰি নিৰাপত্তাৰক্ষীয়ে ৯ জন সন্ত্ৰাসবাদীক হত্যা কৰে। আজমল কাচাব একমাত্ৰ সন্ত্ৰাসবাদী আছিল যাক জীৱিত অৱস্থাত বন্দী কৰা হৈছিল। চাৰি বছৰ পিছত ২০১২ চনৰ ২১ নৱেম্বৰত আজমল কাচাবক ফাঁচী দিয়া হয়।

Ajmal Kasab

Category
Profile picture for user UB Photos