অসমৰ সন্তৰনবিদ এলভিছ আলী হাজৰিকাৰ অভিলেষ! সাঁতুৰি পাৰ হ'ল ধৰমতাৰজেট্টীৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ

Elvis Ali Hazarika

অসমৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত! ধৰমতাৰজেট্টীৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সফলতাৰে সাঁতুৰি যোৱা প্ৰথম গৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে এলভিছ আলী হাজৰিকা।

আৰৱ সাগৰৰ অংশটোৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৩৮ কিলোমিটাৰ আৰু তাক সম্পূৰ্ণ কৰিবলৈ হাজৰিকা আৰু তেওঁৰ ৰিলে অংশীদাৰ ৰিমো সাহাক ১০ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল।

সাঁতোৰ সম্পূৰ্ণ কৰাৰ পিছত এলভিছে কয়, "যথেষ্ট পৰিশ্ৰমৰ সৈতে, মই অৱশেষত ধৰমতাৰ জেট্টীৰ পৰা গেটৱে অফ ইণ্ডিয়া আৰৱ সাগৰলৈ সফলতাৰে সাঁতুৰি যোৱা প্ৰথম গৰাকী অসমীয়া হৈ পৰিছো।" এইটো এটা অতি কঠিন কাম আছিল কিয়নো আমি যথেষ্ট ডাঙৰ আকাৰৰ মাছৰ সৈতে সাঁতুৰিছিলোঁ, আৰু পানীত কম পোহৰৰ বাবে আমি ৰাতি ভালদৰে দেখা নাপালোঁ," তেওঁ লগতে কয়।

হাজৰিকাই দৃঢ়তাৰে কয় যে, "এয়া মোৰ লগতে সমূহ অসমবাসী ৰাইজৰ সপোন বাস্তৱত ৰূপায়ন কৰা।"

Category
Profile picture for user UB Photos