চাৰোগেচীৰ জৰিয়তে যমজ সন্তানৰ মাতৃ হ'ল প্ৰীতি জিণ্টা

Preity Zinta becomes mother of twins via surrogacy

বলীউডৰ অভিনেত্ৰী প্ৰীতি জিণ্টা এতিয়া যমজ সন্তানৰ মাতৃ। এই ভাল খবৰটো সামাজিক মাধ্যমত ঘোষণা কৰিছে প্ৰীতি জিণ্টাই নিজেই।

কাল হো না হো তাৰকাগৰাকীয়ে শ্বেয়াৰ কৰে যে তেওঁ আৰু তেওঁৰ স্বামী-উদ্যোগী জিন গুডএনাফে চাৰোগেচীৰ জৰিয়তে যমজ কেঁচুৱাক তেওঁলোকৰ জীৱনলৈ স্বাগতম জনাইছে।

নৱজাতকৰ নাম ৰখা হৈছে জয় জিণ্টা গুডএনাফ আৰু গিয়া জিণ্টা গুডএনাফ। 

প্ৰীতি জিণ্টাই নিজৰ টুইটাৰত লিখিছে, "হাই এভৰিৱান, মই আজি আপোনালোক সকলোৰে সৈতে আমাৰ আশ্চৰ্যকৰ খবৰটো ভাগ বতৰা কৰিব বিচাৰিছিলো। জিন আৰু মই আনন্দিত আৰু আমাৰ হৃদয় ইমান কৃতজ্ঞতাৰে ভৰি পৰিছে আৰু ইমান মৰমেৰে ভৰি পৰিছে যিহেতু আমি আমাৰ যমজ সন্তান জয় জিণ্টা গুডএনাফ আৰু গিয়া জিণ্টা গুডএনাফক আমাৰ পৰিয়ালত স্বাগতম জনাইছো।"

 

তেওঁ লগতে কয়, "আমাৰ জীৱনৰ এই নতুন পৰ্যায়টোক লৈ আমি অতি উৎসাহিত।"

অভিনেত্ৰীগৰাকীয়ে অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে চিকিৎসক আৰু নাৰ্ছসকলক ধন্যবাদ জনাই। তাই কয়, "এই অবিশ্বাস্য যাত্ৰাৰ অংশ হোৱাৰ বাবে চিকিৎসক, নাৰ্চ আৰু আমাৰ চাৰোগেটক আন্তৰিক ধন্যবাদ।"

প্ৰীতি জিণ্টাই ২০১৬ চনৰ ফেব্ৰুৱাৰীত জিন গুডএনাফৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। বিবাহৰ পিছত দুয়ো লছ এঞ্জেলছলৈ যায়, আৰু এইয়া তেওঁ প্ৰথমবাৰৰ বাবে মাতৃত্ব লাভ কৰিছে।

Category
Profile picture for user UB Photos