ৰাষ্ট্ৰীয় প্ৰেছ এই দিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰীৰ সকলো সংবাদমাধ্যমলৈ শুভেচ্ছা জ্ঞাপন

Himanta Biswa Sarma

আজি ৰাষ্ট্ৰীয় প্ৰেছ এই দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো সংবাদমাধ্যমলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদমাধ্যমৰ  সত্যৰ নিৰন্তৰ অনুসৰণ আৰু নাগৰিকসকলক অধিকাৰৰ বিষয়ে সজাগ কৰাই সংবাদমাধ্যমে গণতন্ত্ৰক শক্তিশালী কৰি তুলিছে বুলি মন্তব্য কৰে। লগতে কভিড-১৯ৰ সময়ত জনসাধাৰণ সজাগ কৰাৰ লগতে সংবাদমাধ্যৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰশংসনীয় বুলি সংবাদমাধ্যমৰ সলাগ লয়।

উল্লেখ্য যে, প্ৰতিবছৰৰ ১৬ নৱেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতীয় সংবাদ মাধ্যমৰ দ্বাৰা প্ৰদান কৰা প্ৰতিবেদনৰ মানদণ্ড নিৰীক্ষণ কৰিবলৈ ১৯৬৬ চনৰ ১৬ নৱেম্বৰত ভাৰতীয় প্ৰেছ কাউন্সিল আৰম্ভ কৰা হৈছিল।  ভাৰতীয় প্ৰেছ কাউন্সিলে ভাৰতীয় সাংবাদিকসকলক কোনো প্ৰভাৱ বা বাহ্যিক কাৰকৰ দ্বাৰা পৰিচালিত যাতে নহয় তাৰ নৈতিক প্ৰহৰী হিচাপে কাম কৰে। যাৰ বাবে ১৬ নৱেম্বৰৰ দিনটোক ভাৰতীয় প্ৰেছ কাউন্সিলক সন্মান প্ৰদানৰ অৰ্থে উদযাপন কৰা হয়।

এইবাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মুল বাণী হ’ল WHO IS NOT AFRAID OF MEDIA? অৰ্থাত, সংবাদ মাধ্যমক ভয় নকৰে কোনে?

Category
Profile picture for user UB Photos