শিশুক ভালপোৱা নেহৰু খুৰাক সুঁৱৰি দেশজুৰি পালন 'শিশু দিৱস'

Children's Day is celebrated across India to increase awareness of the rights, care and education of children

আজি শিশু দিৱস। পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি জন্মদিন। শিশুক ভালপোৱা ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰা হয়।

পণ্ডিত নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল। সেয়েহে তেওঁৰ ওপজা দিনটো শিশু দিৱস হিচাপে উদযাপন কৰে দেশবাসীয়ে । শিশুৰ প্ৰতি থকা স্নেহ-ভালপোৱাৰ বাবে জনাজাত আছিল নেহৰু।

'চাছা নেহৰু' হিচাপে খ্যাত নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত। তেওঁ ১৯৫৫ চনত কেৱল শিশুৰ বাবে স্থাপন কৰিছিল চিল্ডাৰছ ফিল্ম ছ'চাইটি ইণ্ডিয়া ।

সমগ্ৰ ভাৰতবৰ্ষতে শিশুৰ অধিকাৰ, যত্ন আৰু শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে পালন কৰা হয় এই দিৱস। নেহৰুৱে সদায় বিশ্বাস কৰিছিল-'আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত'।

সেয়েহে শিশুক মৰম কৰা পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবছৰে পালন কৰা হয় শিশু দিৱস।

Category
Profile picture for user UB Photos