গানৰ ভলিউম কমাবলৈ কোৱাৰ বাবেই আৰক্ষীলৈ গুলীচালনা ভক্তৰ!

asked-to-stop-loud-music-puja-revellers-fire-at-cops-in-bihars-gaya-3-hurt

কিমান সুৰক্ষিত ৰাইজৰ প্ৰহৰী? ৰাইজৰ ওচৰতে যেন এতিয়া অসুৰক্ষিত ৰাইজৰ প্ৰহৰী। এইবাৰ জনতাক আদেশ দিবলৈ গৈ জনতাৰ আক্ৰমণৰ বলি হ'ল আৰক্ষীৰ দল। 

এই ঘটনা সংঘটিত হৈছে গয়াৰ তানাকুপ্পাত। মা লক্ষ্মীৰ মূৰ্তি বিসৰ্জন দিবলৈ যোৱা লোকক বিসৰ্জনৰ সময়ত উচ্চ চৰত বজাই যোৱা সংগীতৰ ভলিউম কমাবলৈ কোৱাৰ বাবেই খঙত একো নাই হৈ পৰে মূৰ্তি কঢ়িয়াই নিয়া লোকসকল। আৰক্ষীৰ মন্তব্য অনুসৰি, এজন Station House office(SHO) আৰু দুজন Special Armed Police (SAP) এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

খঙৰ ভমকত বিসৰ্জনত যোৱা লোকসকলে আৰক্ষীলৈ গুলীচালনা কৰাত বাওঁ ভৰিত আঘাতপ্ৰাপ্ত হয় SHO অজয় কুমাৰ। আনকি বিসৰ্জনকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাত আৰক্ষীৰ দুজন জোৱান আঘাতপ্ৰাপ্ত হয়। বৰ্তমান বিপদমুক্ত আৰক্ষী বিষয়াজন।

ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে ঘটনাৰ লগত জড়িত লোককেইজনক। শীঘ্ৰেই আক্ৰমণকাৰী লোককেইজনৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা।

Category
Profile picture for user UB Photos