স্কুটীত উদ্ধাৰ ২ লক্ষাধিক টকাৰ ড্ৰাগছ, আৰক্ষীয়ে খেদি-খেদি গ্ৰেপ্তাৰ কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক

Drugs Seized in Guwahati

ড্ৰাগছৰ বিৰুদ্ধে মহানগৰীত অব্যাহত আছে আৰক্ষীৰ জোৰদাৰ অভিযান। ড্ৰাগছত আসক্ত প্ৰজন্মক উদ্ধাৰ কৰিবৰ বাবে দৃঢ়প্ৰতিজ্ঞ মহানগৰ আৰক্ষী। শনিবাৰে, মহানগৰৰ গড়চুক আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীক।

শনিবাৰে নিশা বিক্ৰীৰ বাবে এখন স্কুটীতনিষিদ্ধ ড্ৰাগছৰ টোপোলা লৈ আহিছিল সৰবৰাহকাৰীয়ে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই খেদি খেদি গ্ৰেপ্তাৰ কৰে ধৃত ড্ৰাগছ পেডলাৰ সাহিল খানক।

সাহিলে ড্ৰাগছ কঢ়িয়াই অনা AS-01BQ-1701 নম্বৰৰ স্কুটীখনত পোৱা গৈছে ১২ গ্ৰাম ড্ৰাগছ, যাৰ মূল্য প্ৰায় ২ লক্ষাধিক টকা।

আনহাতে, ড্ৰাগছ পেডলাৰ সাহিল খানৰ মন্তব্য অনুসৰি, ৩৫ হাজাৰ টকাৰ বিনিময়ত ড্ৰাগছখিনি বিক্ৰী কৰিবলৈ লৈ গৈছিল সাহিলে।

Category
Profile picture for user UB Photos