দেৱালীৰ প্ৰাকমুহূৰ্তত গ্ৰাহকৰ বাবে জিঅ’ৰ নতুন ফোন মুকলি, Whatsappত মেছেজ দিয়েই আপুনি কৰিব পাৰিব বুকিং

Jio Phone

গ্ৰাহকৰ বাবে জিঅ’ৰ নতুন সুবিধা। এইবাৰ ৰিলায়েন্স জিঅ’ই মুকলি কৰিব নতুন ম’বাইল ফোন। ৰিলায়েন্স জিঅ’ আৰু গুগলে দেৱালীৰ প্ৰাকমুহূৰ্তত গ্ৰাহকৰ বাবে দিছে এই সুখবৰ। গ্ৰাহকৰ বাবে মুকলি JioPhone Next।

কম মূল্যৰ বিনিময়ত গ্ৰাহকে JIO STORE সমূহৰ লগতে ONLINE যোগেও ক্ৰয় কৰিব পাৰিব JioPhone Next।

মাহেকে মাত্ৰ ৩০০ টকা কিস্তি(EMI) দি গ্ৰাহকে ক্ৰয় কৰিব পাৰিব জিঅ’ৰ এই নতুন ফোন। মাত্ৰ ৬,৪৯৯ টকাত গ্ৰাহকে কিনিব পৰিব JioPhone Next। গ্ৰাহকে ৰিলায়েন্সৰ খুচুৰা জিঅ’ মাৰ্ট ডিজিটেল স্তৰ অথবা 7018270182 নম্বৰত Hi মেছেজ দি আগতীয়াকৈ বুকিং কৰিব পাৰিব পাৰিব এই নতুন ফোন।

Jio Phone

বিভিন্ন অত্যাধুনিক সা-সুবিধা উপলব্ধ JioPhone Nextত আছে দুখন চিমকাৰ্ডৰ সুবিধা। অৱশ্যে, কেৱল জিঅ’ চিমতহে থাকিব Data Service। আনহাতে, Voice callingৰ বাবে Jioৰ বাহিৰে অন্য চিম কাৰ্ডো ব্যৱহাৰ কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে। এই ফোনটোত আছে Qualcomm Snapdragon 215 প্ৰচেছাৰ, 5.5-inch display, 13MP ৰিয়েৰ কেমেৰা আৰু 8MP ফ্ৰন্ট কেমেৰা।

JioPhone Next ক্ৰয় কৰিবৰ বাবে গ্ৰাহকে তলত দিয়া প্লেনৰ জৰিয়তে মাহেকীয়া কিস্তিত ক্ৰয় কৰিব পাৰিব।

‘Always on Plan’
২৪ মাহৰ বাবে ৩০০ টকাৰ মাহেকীয়া কিস্তি অথবা ১৮ মাহৰ বাবে ৩৫০ টকাৰ কিস্তি
Large Plan.
২৪ মাহৰ বাবে ৪৫০ টকাৰ মাহেকীয়া কিস্তি অথবা ১৮ মাহৰ বাবে ৫০০ টকাৰ মাহেকীয়া কিস্তি

‘XL Plan’
২৪ মাহৰ বাবে ৫০০ টকাৰ মাহেকীয়া কিস্তি অথবা ১৮ মাহৰ বাবে ৫৫০ টকাৰ কিস্তি

‘XXL Plan’
২৪ মাহৰ বাবে ৫৫০ টকাৰ মাহেকীয়া কিস্তি আৰু ১৮ মাহৰ বাবে ৬০০ টকাৰ কিস্তি

আনকি ওপৰৰ কোনোধৰণৰ প্লেন নোলোৱাকৈও গ্ৰাহকে মাত্ৰ ৬,৪৯৯ টকা দি ক্ৰয় কৰিব পাৰিব এই JioPhone Next.

Category
Profile picture for user UB Photos