বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা! মৃত্যু দুই স্কুটী আৰোহীৰ

Meghalaya Accident

বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

চিলাৰায় উৰণীয়া সেতুত ৰবিবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু দুই স্কুটী আৰোহীৰ। মৃত যুৱকদ্বয় লিচুতলাৰ প্ৰসেনজিৎ সাহা আৰু মিথুন দাস বুলি জানিব পৰা গৈছে।

যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে জানিব দিয়ামতে তেঁওলোকে AS-19L-3865 নম্বৰৰ স্কুটী এখনেৰে চহৰখনৰ পাগলাস্থান দিশত গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয়।

আনহাতে স্কুটী খুন্দিয়াই পলায়ন কৰা বাহনখনৰ সম্পৰ্কত আৰক্ষীয়ে এই পৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই। সম্প্ৰতি মৃতদেহ দুটা বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে।

Category
Profile picture for user UB Photos