কাঠৰ টুকুৰাৰে পিতৃক মৰিয়াই মৰিয়াই হত্যা কৰিলে ঘাতক পুত্ৰই...

Son kills his father with help of his mother

ছয়গাঁও সমষ্টিৰ গৰৈমাৰীত সংঘটিত এক জঘন্য কাণ্ড। পত্নী-পুত্ৰৰ হত্যাৰ বলি হ'ল এজন দুৰ্ভগীয়া লোক। পত্নী-পুত্ৰৰ আক্ৰমণত নিহত মুন্নাফ আলী নামৰ লোকজন৷

নিহত মুন্নাফ আলীৰ ঘৰ গৰৈমাৰী সত্ৰ গাঁৱত। কাঠৰ টুকুৰাৰে পিতৃক মৰিয়াই মৰিয়াই হত্যা কৰিলে ঘাতক পুত্ৰই ৷ পিতৃক হত্যা কৰাত সহায় কৰিছিল মাতৃয়ে। ঘাতক পুত্ৰক সংগ দিছিল মৃত মুন্নাফ আলীৰ পত্নী হেলিমন নেছাই৷

ইতিমধ্যে, ঘাতকৰূপী পত্নী হেলিমন নেছাক আটক কৰিছে গৰৈমাৰী আৰক্ষীয়ে ৷ এতিয়াও পলাতক অৱস্থাত আছে ফ ঘাতক পুত্ৰ জৰ আলী।

গৰৈমাৰী আৰক্ষীয়ে ঘাতক পুত্ৰ ফজৰ আলীক বিচাৰি অব্যাহত ৰাখিছে অভিযান ৷ অৱশ্যে কিহৰ বাবে এই হত্যাকাণ্ড সংঘটিত হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত পোহৰলৈ আহিব সত্য ঘটনা।

Category