বিদেশত সুদীৰ্ঘ ১৯ মাহ কাৰাবাস খটাৰ অন্তত স্বদেশলৈ উভতিল ৯ গৰাকী ভাৰতীয় মাছমৰীয়া…

Fishermen returning home

বিদেশত বন্দী ভাৰতীয় মাছমৰীয়া। মাছ মাৰিবলৈ গৈ ইৰাণৰ কাৰাগাৰত ১৯ মাহ ধৰি বন্দী হৈ আছিল ভাৰতৰ ৯ জন মাছমৰীয়া। অৱশেষত ১৯ মাহৰ অন্তত ৪ অক্টোবৰত চেন্নাইত উপস্থিত হয় আটাইকেইজন মাছমৰীয়া।

দুবছৰ পূৰ্বে মেল মিদালামৰ এলবাৰ্ট ৰবি(৩৮), ডায়নাচ(৪০), এৰ’কিয়া পুৰমৰ গডউইন জন ৱেলডন(৪০), এৰ’কিয়া লিগিন(২৪), জছেফ বেচিকি(৫০),জেচুদাস(২৭),পল্লমৰ সাহায়া বিজয়(২২), চিন্না ভিলাইৰ মাইকেল আদিমাই(৪৫) আৰু ক’ট্টিলাপডুৰ ভেলিংটন (৩৬)ই মাছমৰীয়া হিচাপে জীৱিকা অৰ্জন কৰিবলৈ কুৱেইটলৈ গৈছিল।

fishermen photo

কিন্তু তেওঁলোকৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা। ২০২০ চনৰ ১৬ জানুৱাৰীত তিনিখন নাৱেৰে মাছ মাৰি থকা অৱস্থাত ভাৰতীয় মাছমৰীয়াকেইজনক হাতে-লোটে ধৰা পেলায় ইৰাণৰ উপকূলৰক্ষীয়ে। প্ৰথমতে তেওঁলোকক ১০-১৫ দিনৰ ভিতৰত এৰি দিয়া হ’ব বুলি কৈছিল যদিও চলিত বৰ্ষৰ আগষ্টলৈকে জে’লত ৰাখি থয় ইৰাণৰ উপকূলৰক্ষীয়ে।

অৱশেষত ১৯ মাহৰ অন্তত সোমবাৰে চেন্নাইৰ বিমানবন্দৰত উপস্থিত হয় মাছমৰীয়াকেইজন।

Category
Profile picture for user UB Photos