অসমীয়াৰ স্বভিমান জাপী, শৰাই, পেঁপা, তাল ভাঙি চুৰমাৰ

samuguri sarai

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা অসমীয়াৰ স্বভিমান জাপি-শৰাই আদি ভাঙি চুৰমাৰ, আজিয়ে পুনৰ স্থাপনৰ সম্ভাৱনা। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কৰিলে এই নিকৃষ্ট কাম।

চামগুৰিৰ গৌৰৱ তথা সকলোৰে চিৰপৰিচিত পকী শৰাই, জাপী, পেঁপা, তাল সম্বলিত প্ৰতিক চিহ্নক ৰাইজৰ অগোচৰে ফ’ৰ ৱে নিৰ্মিয়মান কোম্পানী গংগাসাগৰে ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি ক্ষোভৰ অগ্নি জ্বলিছে চামগুৰিৰ সৰ্বত্ৰে।

কোম্পানীটোত  তলা ওলোমোৱাৰ হুংকাৰ চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ, গোচৰ ৰুজু কৰাৰো সিদ্ধান্ত।

ফʼৰলেন যুক্ত পথ নিৰ্মাণৰ নামত পথ নিৰ্মাণকাৰী সংস্থাই তাত থকা এখন শিশু উদ্যানত জেচিপি, বুলডজাৰ লগাই এক প্ৰকাৰ অসমীয়া সংস্কৃতিৰ প্ৰতীকি ৰূপ দাঙি ধৰা এখন বৃহৎ আকাৰৰ শৰাই, মহাপুৰুষ জনাৰ অমৰ সৃষ্টি খোলৰ সৈতে থকা এটা জাপি, মʼহৰ শিঙৰ পেঁপাৰ সৈতে থকা খুতি তাল আদিবোৰ ভাঙি পেলোৱাৰ দৃশ্য‌ই প্ৰতিজন অসমীয়াৰ মনত আঘাত হানিছে।

এই ঘটনাৰ পিছতে অসম চৰকাৰে তৎপৰতাৰে পদক্ষেপ লয় আৰু আজি মন্ত্ৰী পিযুষ হাজৰিকা নিজে চামগুৰিত উপস্থিত হয়।

Category
Profile picture for user UB Photos