ৰাস্তাৰ কাষত কচুৰী বিক্ৰী কৰিছে এজন ১৪ বছৰীয়া কিশোৰে, ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ' দেখিলে চকুলো ওলাব আপোনাৰো...

14 years old boy sells Dahi Kachori at roadside stall in Ahmedabad

১৪ বছৰীয়া এজন কিশোৰ। আহমেদাবাদৰ পদপথত ল'ৰাজনে কচুৰী বিক্ৰী কৰি থকাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত আৱেগিক হৈ পৰিছে সকলো।

ইনষ্টাগ্ৰামত ডয়াছ পাথৰাবে নামৰ এজন ফুড ব্লগাৰে শ্বেয়াৰ কৰা ভিডিঅ'টোত দেখা গৈছিল ল'ৰাজনে গ্ৰাহকৰ বাবে কচুৰী প্ৰস্তুত কৰি থকাৰ দৃশ্য। কচুৰী দি থাকোতে ফুড ব্লগাৰজনক নিজৰ কাহিনী কওতে চকু সেমেকি উঠিছিল ল'ৰাজনৰ। আৰ্থিক দীনতাৰ বলি হৈ কচুৰীৰ দোকান দিবলৈ ওলাই আহিছিল ল'ৰাজন।

ডয়াছ পাথৰাবে ইনষ্টাগ্ৰামত এই ভিডিঅ'টো শ্বেয়াৰ কৰি লিখে যে, 'ল'ৰাজনক সহায় কৰক, মাত্ৰ ১৪ বছৰীয়া এই ল'ৰাজনে গুজৰাটৰ আহমেদাবাদৰ মণিনগৰ ৰেল ষ্টেচনৰ বিপৰীত দিশত মাত্ৰ ১০ টকাত বিক্ৰী কৰিছে কচুৰী। ১৪ বছৰীয়া এই ল'ৰাজনে পৰিয়ালক সহায় কৰাৰ বাবেই ইমান কষ্ট কৰিছে'।

এই পোষ্টটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত আৱেগিক হৈ পৰিছে সকলো আৰু ল'ৰাজনৰ উজ্বল ভৱিষ্যতো কামনা কৰে সকলোৱে।

 

Category
Profile picture for user UB Photos