মাজুলীত চলিছে নতুন ফেৰী, ৫০ জন যাত্ৰী লৈ মাজুলীৰ পৰা ৰাওনা এম ভি ৰাজলক্ষ্মী

Majuli New Ferry Service

মাজুলীত নতুন ফেৰী। মাজুলীবাসীৰ মুখত হাঁহি বিৰিঙাই আজি কমলাবাৰীৰ পৰা যাত্ৰা কৰিলে এম ভি ৰাজলক্ষ্মীয়ে।

শনিবাৰে বিয়লি নিমাতীত উপস্থিত হৈছিল জাহাজখন। দেওবাৰে পুৱা ৯ বজাত কমলাবাৰীৰ পৰা নিমাতীলৈ যাত্ৰা আৰম্ভ কৰে জাহাজখনে।

দেওবাৰে ৫০জন যাত্ৰী, ৫০খন মটৰচাইকেল, দুখন চাৰি চকীয়া বাহনসহ মাজুলী কমলাবাৰী ফেৰী ঘাটৰ পৰা ৰাওনা হয় ফেৰীখন।

উল্লেখযোগ্য যে, মাজুলী-নিমাতীৰ মাজত একক ইঞ্জিন চালিত ফেৰী সেৱা বন্ধ হৈ থকাৰ বাবে অসহায় অৱস্থাৰ সৃষ্টি হৈছিল যাত্ৰীসকলৰ মাজত। মাজুলীবাসীৰ এই সমস্যাৰ কথা অনুধাৱন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৎপৰতাৰে মাজুলীবাসীলৈ নতুনকৈ দুখন ফেৰী প্ৰদান কৰাত এতিয়া উৎফুল্লিত হৈ পৰিছে মাজুলীবাসী৷

Category
Profile picture for user UB Photos