বিশ্বকৰ্মা পূজাৰ দিনাই অঘটন! নিহত ২জন

Nagaon Accident

বিশ্বকৰ্মা পূজাৰ দিনাই অঘটন।

নগাঁৱৰ ডিমৰুগুৰিত বিশ্বকৰ্মা পূজাৰ দিনাই ভয়ংকৰ দূৰ্ঘটনাত ২জন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ২জন।

নিহত যুৱক দুজন হিমাংশু কাকতি আৰু ৰাধাগোবিন্দ বৰা বুলি জানিব পৰা গৈছে। আনহাতে আহত দুজনৰ নাম মানৱজ্যোতি শইকীয়া, চিনাছু আগৰৱালা।

উৰিয়ামগাঁৱৰ পৰা নগাঁও অভিমুখে আহি থকা তীব্ৰবেগী বাহনে নিয়ন্ত্ৰন হেৰুৱাই গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

আহত লোক দুজনক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়।

Category
Profile picture for user UB Photos