গণেশ বন্দনাৰে মুখৰিত সমগ্ৰ দেশ, ভগৱান গণেশক দৰ্শন কৰিবলৈ মন্দিৰত ভিৰ কৰিছে ভক্তই

Devotees throng temples to visit Lord Ganesha, the entire country facing Ganesh Vandana

আজি পবিত্ৰ গণেশ চতুৰ্থী। গণেশ বন্দনাৰে মুখৰিত সমগ্ৰ দেশ। ক’ভিডৰ জটিল পৰিস্থিতিৰ সময়তে দেশবাসীয়ে পালন কৰিছে গণেশ চতুৰ্থী।

হিন্দু ধৰ্মাৱলম্বী লোকৰ যিকোনো পূজাৰ আৰম্ভণি ভগৱান গণেশৰ নামেৰেই আৰম্ভ হয়। হিন্দু ধৰ্মত গণপতিৰ মহত্ব সৰ্বাধিক।

গণেশ হৈছে হিন্দু দেৱ-দেৱতাৰ ভিতৰত বহু পূজনীয় দেৱতাৰ ভিতৰত অন্যতম। ভগৱান শিৱ আৰু মা পাৰ্বতীৰ সু-পুত্ৰ গণেশ।

Ganesh Chaturthi 2021

শাস্ত্ৰৰ মতে, আজিৰ দিনটোতে জন্ম লাভ কৰিছিল গণেশ ভগৱানে। গণেশ মহোৎসৱ গণেশ চতুৰ্থীৰ দিনটোত আৰম্ভণি হৈ অনন্ত চতুৰ্দশীত সমাপ্ত হয়।

বিভিন্ন বিদি-বিধান মানি ভক্তপ্ৰাণ ৰাইজে গণেশৰ পূজা কৰাৰ লগতে গণেশ ভগৱানৰ প্ৰিয় খাদ্য ম’দাক উৎসৰ্গা কৰে। গণেশ চতুৰ্থীৰ দিনটোত যিসকলে ভগৱানক নিজৰ ঘৰৰ থাপনাত ভগৱানৰ মূৰ্তি স্থাপন কৰে, সেইসকলক গণেশ বাবাই আশীৰ্বাদ দি ধন-ধানেৰে ঘৰ পৰিপূৰ্ণ কৰে বুলি বিশ্বাস কৰে ভক্তপ্ৰাণ ৰাইজে।

মহাৰাষ্ট্ৰৰ লোকসকলৰ বাবে এই উৎসৱ যথেষ্ট উল্লেখনীয়। তেওঁলোকে উলহ-মালহেৰে পালন কৰে আজিৰ এই বিশেষ দিনটো।

গুৱাহাটীৰ গণেশ মন্দিৰতো ভক্তৰ লানি-নিছিগা ভিৰ। ক’ভিড বিধি মানি গণেশ ভগৱানক পূজা-অৰ্চনা কৰিবলৈ আহিছে ভক্তপ্ৰাণ ৰাইজে।

Category
Profile picture for user UB Photos