ভেকচিন নোলোৱাকৈ অফিচলৈ নাযাব, ভেকচিন নল’লে কৰ্তন কৰা হ’ব দৰমহা

Don't go to office without vaccine, salary will be deducted if vaccine is not taken

খানাপাৰা ষ্টাফ কলেজত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল। ভেকচিন লোৱাৰ ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে বহুকেইটা নিয়ম।

চৰকাৰী কৰ্মচাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক। চৰকাৰী কৰ্মচাৰীয়ে যদি ভেকচিন নোলোৱাকৈ অফিচলৈ আহে, তেন্তে তেওঁলোকক শাস্তি প্ৰদান কৰা হ’ব। যদি ভেকচিন নোলোৱাৰ বাবে অফিচ আহিব নোৱাৰাৰ অজুহাত দেখুৱাই তেনেহ’লে কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰাৰ লগতে শাস্তি বিহা হ’ব।

চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ সকলোৱে ভেকচিন লোৱাটো সোমবাৰৰ ভিতৰত নিশ্চিত কৰিব লাগিব। ভিজিলেন্সৰ বাবে প্ৰত্যেকজন উপায়ুক্তক দায়িত্ব দিয়া হৈছে।

আনহাতে, ভেকচিন নোলোৱাকৈ খুলিব নোৱাৰিব দোকান। ভেকচিন নোলোৱাকৈ দোকান খুলিলে উপায়ুক্তই চীল কৰিব দোকান।

Category
Profile picture for user UB Photos