গলৱান সংঘৰ্ষৰ বীৰ জোৱানক সুঁৱৰি ভাৰতীয় সেনাৰ গান

গলৱান সংঘৰ্ষৰ বীৰ জোৱানক সুঁৱৰি ভাৰতীয় সেনাৰ গান

ভাৰতীয় বীৰ জোৱানৰ তেজেৰে গলৱান উপত্যকা ৰাঙলী হোৱাৰ এবছৰ সম্পূৰ্ণ হ'ল। ২০২০ চনৰ ১৫ জুনত লাডাখৰ গলৱান উপত্যকাত দেশ মাতৃক সুৰক্ষা দিয়াৰ স্বাৰ্থত চীনা সৈন্যৰ হাতত প্ৰাণ হেৰুৱাইছিল ২০ জনকৈ ভাৰতীয় জোৱানে।

  গলৱান উপত্যকাত প্ৰাণ হেৰুওৱা জোৱানকেইজনৰ বীৰত্বক সুঁৱৰি ভাৰতীয় সেনাই মুকলি কৰিছে এটা স্বদেশপ্ৰেমমূলক গীত।

  প্ৰতিষ্ঠিত গায়ক হৰিহৰনে কন্ঠদান কৰা ৫ মিনিট দৈৰ্ঘ্যৰ 'গলৱান কে বীৰ' শীৰ্ষক গীতটিয়ে এতিয়া মন মুহিছে সকলোৰে। গলৱান উপত্যকাত দেশৰ বাবে প্ৰাণ হেৰুওৱা ২০ জন বীৰ জোৱানক এই গীতৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভাৰতীয় সেনাই।


 

Category