অলিম্পিকলৈ যোগ্যতা অৰ্জন ৰাজ্যৰ প্ৰথম গৰাকী অসমীয়া মহিলা বক্সাৰৰ

অলিম্পিকলৈ যোগ্যতা অৰ্জন ৰাজ্যৰ প্ৰথম গৰাকী অসমীয়া মহিলা বক্সাৰৰ

#news_time_assam #Assam #LovlinaBorgohain #Qualify #Tokyo #Olympics

অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলিনা বৰগোহাঁই ৰাজ্যৰ প্ৰথম গৰাকী অসমীয়া মহিলা বক্সাৰ হিচাপে খিতাপ৷

 ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ মাজতে অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আহিছে এটা ভাল খবৰ। চলিত বৰ্ষত  টকিঅত অনুস্হিত হ'বলগীয়া অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে ৰাজ্যৰ তৰণ ক্ৰীড়াবিদ তথা মহিলা বক্সাৰ লাভলিনা বৰগোহাঁইয়ে।

 উল্লেখ্য যে,অলিম্পকলৈ যোগ্যতা অৰ্জন কৰা লাভলিনা হৈছে ৰাজ্যৰ প্ৰথম অসমীয়া মহিলা বক্সাৰ।

 কৰণাৰ বাবে বিগত বৰ্ষত অনুস্থিত হ'ব লগীয়া টকিঅঅলিম্পিক সকলো জল্পনা-কল্পনাৰ অন্তত চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

 ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে লাভলিনাক শুভেচ্ছা জনাই কয়, ‘আমাৰ বাবে অতি গৌৰৱ আৰু আনন্দৰ বিষয় যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলিনা বৰগোহাঁই প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ। তোমাক বহু অভিনন্দন

 উল্লেখ্য যে, অলপতে হৈ যোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৬৯ কিলোগ্ৰাম শাখাত লাভলিনা বৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনে৷

Category