ক'ভিড -১৯ ৰ সংক্ৰমণ বৃদ্ধি, শিক্ষানুষ্ঠান বন্ধ ঘোষণা বিদ্যালয় কতৃৰ্পক্ষৰ

jj

ৰাজ্যত ক'ভিড -১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে চৰকাৰী ঘোষণাৰ আগতেই চিৰাঙত শিক্ষানুষ্ঠান বন্ধ ঘোষণা বিদ্যালয়  কত্তৃপক্ষৰ ।

ৰাজ্যত পুণৰ ক'ভিড-১৯ ৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ উপনগৰীৰ ভিতৰত থকা দুখনকৈ শিক্ষানুষ্ঠান আজিৰ পৰা বন্ধ ঘোষণা কৰে । শিক্ষানুষ্ঠান দুখন ক্ৰমে বঙাইগাওঁ শোধনাগাৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু দিল্লী প্লাব্লিক স্কুলৰ পাঠদান প্ৰক্ৰিয়া আজিৰ পৰা ২০ এপ্ৰিল লৈকে আনুষ্ঠানিক ভাৱে বন্ধ বুলি ঘোষণা কৰিছে । মূলতঃ ৰাজ্য খনত ক্ৰমশঃ বৃদ্ধি পোৱা ক'ভিড -১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে এই পদক্ষেপ বিদ্যালয় কৰ্তৃপক্ষৰ ।

 এই সন্দৰ্ভত বঙাইগাওঁ শোধনাগাৰ উচ্চ মাধ্যমিক বিদ্যায়ৰ উপাধ্যক্ষ ভৱানন্দ নাথে সংবাদ মাধ্যমৰ আগত কয় যে বিদ্যালয়ৰ শ্ৰেণীৰ পাঠদান বন্ধ থাকিলেও অনলাইন পাঠদান প্ৰক্ৰিয়া অব্যাহত থাকিব ।

Category
Profile picture for user UB Photos