
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে অসম কন্যা বক্সাৰ লাভলিনা বৰগোঁহায়ে। অহা ২১ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ দেশৰ তাৰকা এম চি মেৰী কমেও অংশ গ্ৰহণ কৰিব।
অসম কন্যা লাভলিনাই ইতিপূৰ্বে বিশ্ব বক্সিং টুৰ্ণামেন্টত দুটাকৈ ব্ৰঞ্জৰ পদক দখল কৰি খিতাপ অৰ্জন কৰিছিল। এইবাৰ পুনৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত নিজকে খিতাপৰ দাবীদাৰ হিচাপে প্ৰতিপন্ন কৰিব।
- Log in to post comments