পদ্মশ্ৰী ড: উদ্ধৱ ভৰালীৰ ন উদ্ভাৱন

jj

লখিমপুৰৰ পদ্মশ্ৰী ড: উদ্ধৱ ভৰালীৰ ন ন উদ্ভাৱনে গৌৰাম্বিত কৰিছে অসমবাসীক৷ বর্ত্তমানলৈকে তেখেতে ১৫৪ টা উদ্ভাৱন কৰি দেশৰ নামত উৎসগা কৰিছে৷ পদ্মশ্ৰী সর্ন্মানেৰে সর্ন্মানিত উদ্ভৱ ভৰালীয়ে  কেৱল মাত্ৰ নতুন উদ্ভাৱনক লৈ একেৰাহে ব্যস্ত হৈ থকে৷ 
 শেহতীয়াকৈ হাত নথকা বা দু্র্ঘটনাত হাতখন হেৰুৱাব লগা ব্যক্তিৰ বাবে নিত্যকর্ম্ম কৰাৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এক সজুঁলি উদ্ভাৱন কৰে  উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডৰ নিবাসীজনে৷

গুৱাহাটীৰ নুনমাটিৰ বসন্ত কুমাৰ ডেকা  ২০১২ চনত ৰেল লাইনত ঘটা দুর্ঘটনাত হাত দুখন হেৰুৱাইছিল৷  ২০১৪ চনত ড: উদ্ধৱ ভৰালীৰ লগত যোগাযোগ ঘটাত  ড: উদ্ধৱ ভৰালীয়ে  দাতঁ ব্ৰাচ কৰা, খাদ্য খোৱা সজুঁলি উদ্ভাৱন কৰি দিয়ে৷ এইজন ব্যক্তিৰ বাবে আজি ভৰালীয়ে নিত্যকর্ম্ম কৰাত পানী ব্যৱহাৰৰ বাবে  এক সজুঁলি উদ্ভাৱন কৰি ভৰালীৰ বাসগৃহত প্ৰদান কৰে৷

 উল্লেখ্য যে- বহু দৰিদ্ৰ এনে দুর্ভগীয়াক বিভিন্ন সজুলী উদ্ভাৱন কৰি বিনামূল্য প্ৰদান কৰাৰ লগতে তেখেতৰ উদ্ভাৱনৰ পৰা লাভ কৰা অর্থ প্ৰদান কৰি আহিছে৷

Category
Profile picture for user UB Photos