
বঙাইগাঁৱৰ গোলাপাৰাত গৰু চোৰৰ বিলৈ। চুৰি টকাৰ ভাগ নোপোৱাত গৃহস্থৰ কাষ চাপিল ৭ জন চোৰৰ মাজৰ এজন।
বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত নিশা বৰষুনৰ সুযোগ লৈ ৭ জন চোৰে চলাইছিল চাফাই অভিযান। ৭ জনে চোৰে মিলি দুটা ঘৰৰ পৰা চাৰিটা গৰু চুৰ কৰি পুৱতি নিশা খৰিচালা বজাৰত বিক্ৰী কৰে। ইফালে ৰাতিপুৱা গৃহস্থৰ ঘৰত গৰু দেখা নাপায় হুৱাদুৱা লাগি বিভিন্ন ঠাইত বিচাৰ খোচাৰ আৰাম্ভ কৰে। ৭ জন চোৰে চাৰিটা গৰু ৫০ হাজাৰ টকাত বিক্ৰী কৰে যদিও জাহিদুল ইছলাম নামৰ চোৰজনক ভাগ নিদিয়ে। ফলত জাহিদুল ইছলামে তেওলোক ৭ জনে চুৰি কৰা বুলি গৃহস্থক অৱগত কৰাৰ পিছত স্থানীয় ৰাইজে জাহিদুলক হাত ভৰি বান্ধি উত্তম মাধ্যম সোধাই। জাহিদুলৰ লগতে ৰাশিদুল ইছলাম, সোমেজ উদ্দিন আৰু চাৰিজনে মিলি চাৰিটা গৰু চুৰি কৰা বুলি স্বীকাৰোক্তি দিয়ে জাহিদুলে। ঘটনাস্হলীত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষী উপস্থিত হৈ চোৰ জাহিদুলক উদ্ধাৰ কৰি লৈ যায়। দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰিকাণ্ড সংঘটিত হৈ আহিছিল যদিও কোনো চোৰ ধৰা পৰা নাছিল।
- Log in to post comments