গুৰুতৰ ভাবে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন

jj

গুৰুতৰ ভাবে  অসুস্থ ডাঃ ভূমিধৰ বৰ্মন। ২০ দিন পূৰ্বে প্ৰস্ৰাৱজনীত কাৰণত ভৰ্তি কৰোৱা হৈছিল দিশপুৰ হাস্পতালত। আগতকৈ যদিও  স্বাস্থ্য ভাললৈ আহিছে বৰ্তমানেও সংকটজনক অৱস্থাত ডাঃ বৰ্মন।বুধবাৰে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিধায়ক ৰূপজ্যোতি কুর্মী আৰু কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই উপস্হিত হৈ হাস্পতালত স্বাস্থ্যৰ বুজ লয়।

উল্লেখ্য যে বুধবাৰে  দিনটোত  ডাঃ বৰ্মন মৃত্যু হোৱা বুলি  একাংশ সংবাদ মাধ্যমত অপ্ৰপ্ৰচাৰ চলায়। আনকি ৰাজ্যৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীয়ে ডাঃ বৰ্মনৰ বিয়োগৰ শোক প্ৰকাশ কৰে। বিভিন্ন জনে তেওঁলোকৰ এই কাণ্ডক গৰিহণা দিয়ে। ডাঃ বৰ্মন নলবাৰী , ধৰ্মপুৰ আদি বহু গুৰুত্বপূৰ্ণ সমষ্টি পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়। পেচাত এগৰাকী চিকিৎসক আছিল যদিও ১৯৬৭ চনত প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈ ডাঃ বৰ্মন ৭ বাৰলৈ বিধায়ক হোৱাৰ সৌভাগ্য লাভ কৰে।  অকল বিধায়কে নহয় দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল ডাঃ বৰ্মন । হিতেশ্বৰ শইকীয়া মৃত্যু পিছত ১৯৯৬ চনৰ  ২২ এপ্ৰিল পৰা ১৪মে' আৰু ২০০১ আৰু ২০০২ চনত প্ৰয়াত তৰুণ গগৈ চিকিৎসাজনীত কাৰণত থকা অৱস্থাত কিছুদিনৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লয় ডাঃ বৰ্মন।এইবাৰ ডাঃ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন বৰক্ষেত্ৰী সমষ্টিৰ পৰা  কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। সম্প্ৰতি দিগন্তৰ ভাগ্য বন্দী EVMত।

Category
Profile picture for user UB Photos