প্ৰেমক লৈ দুই পৰিয়ালৰ মাজত সংঘাত

jj

প্ৰেমক লৈ দুই পৰিয়ালৰ মাজত সংঘাত, এইবাৰ ৰীল লাইফ নহয়, ৰিয়েল লাইফৰ এই ঘটনা ।

প্ৰেমিক-প্ৰেমিকা দুয়োজন একে গাঁওৰ। চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁওৰ নতুন পাৰাত। প্ৰেমিকাৰ পৰিয়ান ধনী তাৰ বিপৰিতে প্ৰেমিকৰ পৰিয়াল দৰিদ্ৰ হোৱাত প্ৰেমিকাৰ পৰিয়ালে মানি নলয় দুয়োজনৰ সম্পৰ্ক। তিনিমাহ পুৰ্বে প্ৰেমিকাৰ পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত দৰিদ্ৰ প্ৰেমিক মালেক আলী সেখ নামৰ যুৱক জনে জেলতো যাব লগীয়া হৈছিল। এতিয়াও আদালতত গোচৰ চলিয়ে আছে। ইয়াৰ মাজতে আজি পুৱা প্ৰেমিকাই প্ৰেমিকৰ ঘৰত গৈ উঠে তাতেই লাগে লেঠা। ৰাতিপুৱা প্ৰেমিকাৰ পৰিয়ালৰ লোকে গৈ প্ৰেমিক মালেকৰ ঘৰত আক্ৰমন কৰি দহ জনকৈ লোকক আহত কৰাৰ লগতে ভাঙী দিয়ে ঘৰ লগতে লুটপাট চলায়। আহতসকল ক্ৰমে প্ৰেমিক মালেক আলী সেখ,লগতে পৰিয়ালৰ নজৰুল আলী,সিৰাজুল আলী,কুদ্দুছ আলী,ছানিদুল আলী,মুন্নাফ আলী,কদভানু খাতুন,কমলা খাতুন আৰু বানেছা খাতুন লগতে সৰু কেচুৱা। আহত সকল বৰ্তমান কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ ঢালিগাঁও থানাত প্ৰেমিকৰ পৰিয়ালে এজাহাৰ দিয়াৰ পিচতো আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

Category
Profile picture for user UB Photos