অসমত নহয় লকডাউন,নহয় নৈশ সান্ধ্যআইন : হিমন্ত বিশ্ব শৰ্মা

jj

অসমত নহয় লকডাউন,নহয় নৈশ সান্ধ্যআইন:হিমন্ত বিশ্ব শৰ্মা

ক'ভিডৰ দ্বিতীয় ৱেভ আৰম্ভ সমগ্ৰ দেশত৷অসমতো এই সংক্ৰমণৰ ৰোধৰ বাবে চৰকাৰে লৈছে  যাবতীয় পদক্ষেপ৷বৃহস্পতিবাৰৰ দিনটোত ৩৫হাজাৰ লোকৰ কৰা হ'ব ক'ভিড পৰীক্ষা৷ দৈনিক এক লাখ লোকৰ পৰীক্ষা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে ৷ বিহু ভালদৰে  অনুস্হিত কৰাৰ ক্ষেত্ৰত SOP প্ৰস্তুত কৰিছে চৰকাৰে৷ আনহাতে ৰাইজে কৰ'ণা সংক্ৰমণৰ ক্ষেত্ৰত আতংকিত হ'ব নালাগে৷ৰাজ্যত পুণৰ লকডাউন আৰু নৈশ সান্ধ্যআইন নহয়৷এই গুৰুত্বপূৰ্ণ কথা সদৰি কৰে ৰাজ্যৰ স্বাস্হ্য মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই৷বৃহস্পতিবাৰে মহানগৰীৰ হেঙেৰাবাৰী বিজেপি কাৰ্যালয়ত দলীয় এখন সংবাদমেলত ক'ভিড সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত স্বাস্হ্য মন্ত্ৰী গৰাকীয়ে উল্লিখিত মন্তব্য কৰে৷

Category
Profile picture for user UB Photos