বোকাজানত বিহু কৰ্মশালাৰ সফল সামৰণি

jj

বোকাজানত জপৰাজান মহিলা সমিতিৰ উদ্যোগত বিহু কৰ্মশালাৰ সফল সামৰণি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি। ঢোল পেপাৰ গুমগুমনিত প্ৰাণ পাই উঠিছে ৰাজ্যৰ চৌদিশ। ব্যতিক্ৰম নহয় পাহাৰীয়া জিলা কাৰ্বি আংলঙো। জিলাখনৰ বিভিন্ন স্থানৰ লগতে বোকাজানৰ জপৰাজান আই বি মহিলা সমিতিৰ উদ্যোগত আয়োজিত বিহু নাচ, বিহু নাম আৰু ঢোলবাদনৰ ১০ দিনীয়া কৰ্মশালাৰ আজি সফল সামৰণি পৰে।নৱপ্ৰজন্মক বিহুৰ অন্যতম উপাদানসমূহৰ লগত পৰিচয় কৰাই দিয়াৰ প্ৰয়াসেৰে প্ৰশিক্ষক প্ৰাণজ্বলিকা হাজৰিকাৰ অংশগ্ৰহণৰে উক্ত কৰ্মশালাৰ আয়োজন কৰে জপৰাজান আই বি মহিলা সমিতিয়ে।

Category
Profile picture for user UB Photos