বাইহাটা চাৰিআলিত ভয়ঙ্কৰ অগ্নিকাণ্ড

jj

বাইহাটা চাৰিআলিত নিশা ভয়ঙ্কৰ অগ্নিকাণ্ড । বাইহাটা চাৰিআলিৰ সুতাৰ গাৱ চ'কত ভষ্মীভূত হয় দহ খনতকৈ অধিক দোকান । চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ । দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে প্ৰায় চাৰি ঘণ্টাৰ অন্তত নিৰ্বাপন কৰে জুই । ক্ষয় ক্ষতিৰ পৰিমান প্ৰায় ৪০ লক্ষধিক টকা । নিশা বাইহাটা চাৰিআলি -গোৰেশ্বৰ পথেৰে গৈ থকা গাড়ীৰ মানুহে জুই দেখি চিঞৰ বাখৰ কৰাত স্থানীয় ৰাই ওলাই আহে । লগে লগে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী প্ৰশাসনক অৱগত কৰে যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী এঘণ্টা পলমকৈ উপস্থিত হয় যদিও চাৰি ঘণ্টাৰ অন্তত জুই নুমাবলৈ সক্ষম হয় ।

Category
Profile picture for user UB Photos