প্ৰেমিকৰ দ্বাৰা স্বামীক হত্যা কৰিলে প্ৰেমিকা পত্নীয়ে !

jj

প্ৰেমিকৰ দ্বাৰা স্বামীক হত্যা কৰিলে প্ৰেমিকা পত্নীয়ে !

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি । পৰকীয়া প্ৰেমৰ বাবে স্বামীক প্ৰেমিকৰ দ্বাৰা হত্যাৰ অভিযোগ৷ 
এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী চকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে৷ 
এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ জোৰশিমুলীত৷
জোৰশিমুলী আৰক্ষী চকীৰ এলেকাধীন সৰালৰসুঁতি গাঁৱৰ আক্কেছ আলীৰ পত্নী আলেকজান নেছাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ৷ আলেকজান নেছাই পৰকীয়া প্ৰেমৰ বাবে স্বামী আক্কেছ আলীক প্ৰেমিকৰ দ্বাৰা হত্যাৰ অভিযোগ তুলি ইতিমধ্যে পৰিয়ালৰ লোকে জোৰশিমুলী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ৷ এজাহাৰ দাখিল কৰাৰ পিছতো জোৰশিমুলী আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত প্ৰেমিকা আলেকজান নেছাক আটক কৰি স্বামী আক্কেছ আলী হত্যাৰ বলি হোৱা বুলি আৰক্ষীৰ জেৰাত স্পষ্ট হৈছে যদিও আক্কেছ আলীৰ সন্ধান বিচাৰি অভিযান চলোৱা নাই জোৰশিমুলী আৰক্ষীয়ে৷
প্ৰাপ্ত অভিযোগমতে, গোৱালপাৰা জিলাৰ জলেশ্বৰৰ শিয়ালকান্দি গাঁৱৰ ছফিকুল ইছলাম নামৰ যুৱক এজনৰ সৈতে পৰকীয়া প্ৰেম গঢ়ি উঠিছিল জোৰশিমুলীৰ সৰলাৰসুঁতি গাঁৱৰ আক্কেছ আলীৰ পত্নী আলেকজান নেছাৰ সৈতে৷ কিন্তু দুয়োৰে মাজত বাধা হিচাপে থিয় দিছিল স্বামী আক্কেছ আলীয়ে৷ পত্নীয়ে প্ৰেমিক ছফিকুল ইছলামৰ সহযোগত আক্কেছ আলীক যোৱা ৫ এপ্ৰিলত হত্যা কৰি কোনোবা অজ্ঞাত স্থানত লুকুৱাই ৰখা বুলি অভিযোগ উত্থাপন কৰিছে আক্কেছ আলীৰ পৰিয়ালৰ লোকে ৷ 

আক্কেছ আলীৰ পত্নী আলেকজান নেছাক জোৰশিমুলী আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে যদিও আক্কেছ আলীক জীৱিত অথবা মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ 
যাৰ পৰিপ্ৰেক্ষিত আজি স্থানীয় ৰাইজে জোৰশিমুলী আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

Category
Profile picture for user UB Photos