নিৰ্বাচনী দায়িত্ব পালন কৰা ঝাৰখণ্ড বেট্ৰেলিয়ন আৰক্ষীক অসম ঐতিয্য গামোছাৰে সম্বৰ্ধনা গোৱৰ্দ্ধনা আৰক্ষীৰ

jj

গোৱৰ্দ্ধনা আৰক্ষীৰ প্ৰসংশনীয় পদক্ষেপ নিৰ্বাচনী দায়িত্ব পালন কৰা ঝাৰখণ্ড বেট্ৰেলিয়ন আৰক্ষীক অসম ঐতিয্য গামোছাৰে সম্বৰ্ধনা


বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্দ্ধনা আৰক্ষী থানাৰ আৰক্ষী বিষয়া সাহিদুৰ ৰহমানৰ নেতৃত্বত সুদুৰ ঝাৰখণ্ডৰ পৰা আহি নিৰ্বাচনী দায়িত্ব পালন কৰা আৰ্ম পুলিচৰ চতুৰ্থ বেট্ৰেলিয়ন দলটোক অসমৰ ঐতিয্য ফুলাম  গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ আৰু অসমৰ ঐতিয্য গামোছা ডিঙিত লৈ আনন্দৰে মতলীয়া হৈ পৰে বেট্ৰেলিয়ন জোৱান সকল৷ নিৰ্বাচনী দায়িত্ব পালন কৰি থকা সময়ত সকলো ধৰণৰ সা-সুবিধা লাভ কৰি মনত শান্তি পোৱা বুলি উল্লেখ কৰে ঝাৰখণ্ড বেট্ৰেলিয়ন কামাণ্ডাৰ এজাজ খানে৷ এই সম্বৰ্ধনা অনুষ্ঠানত গোৱৰ্দ্ধনা আৰক্ষী বিষয়া সাহিদুৰ ৰহমানক সংগ দিয়ে গোৱৰ্দ্ধনা আৰক্ষী দিপুল শৰ্মা, মানিক খেৰ্কেটাৰী, নৱজিত বসুমতাৰী৷

Category
Profile picture for user UB Photos