স্বাস্থ্য সজাগতা চাইকেল ৰেলী

jj

স্বাস্থ্য সজাগতাৰ ওপৰত চাইকেল ৰেলী

সবল আৰু নিৰোগী জীৱনৰ বাবে স্বাস্থ্য সজাগতাৰ যে প্ৰয়োজন আছে সেই বাৰ্তা জনতাৰ কাষ চপাই নিয়াৰ উদ্দেশ্যৰে আজি চৰাইদেউ জিলাৰ মাইবেলাত বিশ্ব স্বাস্থ্য দিৱস উপলক্ষত এক চাইকেল ৰেলী বাহিৰ কৰা হয়। লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ থাৰ্মেল ক্লাবৰ উদ্যোগত আজি পুৱা বাহিৰ কৰা এই চাইকেল ৰেলীত তাপ বিদ্যুৎ কেন্দ্ৰটোত কৰ্মৰত অৰ্ধ শতাধিক পুৰুষ, মহিলা আৰু যুৱকে অংশগ্ৰহণ কৰে। আজি পুৱা ৭-৩০ বজাত তাপ বিদ্যুৎ কেন্দ্ৰটোৰ মহাপ্ৰৱন্ধক কানুকমল ভূঞাই ফ্লেগ অফ কৰি চাইকেল ৰেলীটোৰ শুভাৰম্ভ কৰাৰ পাছত অংশগ্ৰহণকাৰী সকলে লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ পৰা চফ্ৰাই হৈ  চলাপথাৰ বৌদ্ধ বিহাৰত উপস্থিত হৈ পুনৰ একেটা পথৰে ওভটনি যাত্ৰা কৰি তাপ বিদ্যুৎ কেন্দ্ৰটোত ৰেলীটোৰ সামৰণি মাৰে।

Category
Profile picture for user UB Photos