ভোটগ্ৰহন সমাপ্তিৰ পিচতে বৰপেটা ৯ কংগ্ৰেছ নেতাক বৰ্খাস্ত

jj


ভোটগ্ৰহন সমাপ্তিৰ পিচতে বৰপেটা  ৯ কংগ্ৰেছ নেতাক বৰ্খাস্ত ৷দল বিৰোধীকাৰ্য্য আৰু দলীয় অনুশাসন ভঙ্গৰ অপৰাধত ৯ নেতাক বৰ্খাস্ত ৷বৰ্খাস্ত কৰা হ'ল- অধৰ গায়ন, প্ৰাঞ্জল দাস, ত্ৰৈল্যেক্য পাঠক, নিতুল দাসক সীমান্ত দাস, ভূদেৱ পাঠক, নৃপেন দাস, গৌতম দাস আৰু যোগেন দাস ৷বৰ্খাস্ত সকলৰ ভিতৰত যোগেন দাস, নিতুল দাস, ভূদেৱ পাঠক, গৌতম দাস, ত্ৰৈলোক্য পাঠক বৰপেটা জিলা  কংগ্ৰেছৰ সাঃ সম্পাদক ৷বৰ্খাস্ত অধৰ গায়ন শ্ৰমিক ইউনিয়নৰ অধ্যক্ষ ৷সীমান্ত দাস অ'বিচি সমিতিৰ অধ্যক্ষ ৷প্ৰাঞ্জল দাস ইয়ং ব্ৰিগেডৰ অধ্যক্ষ ৷দলৰ প্রাথমিক সদস্য পদৰ পৰা তাৎক্ষণিক ভাবে বলবৎ হােৱাকৈ বৰ্খাস্ত কৰা হৈছে নেতাকেইজনক ।একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ সাম্প্ৰদায়িক স্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল এইসকল নেতাই ৷বৰপেটা সমষ্টিত দলৰ টিকট প্ৰদানক সাম্প্ৰদায়িক স্থিতি গ্ৰহনৰ অভিযোগ উঠিছিল সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে ৷যাৰবাবে বৰপেটা ৰাজীৱ ভৱন তলা বন্ধ কৰাৰ লগতে পকী দেৱাল নিৰ্মাণ কৰি বন্ধ কৰি দিছে বৰপেটা ৰাজীৱ ভৱনৰ মুখ্যপথ ৷

Category
Profile picture for user UB Photos